প্ৰাৰ্থনাৰ বিষয়ে শিক্ষা লুক ১১ঃ ২-৪
৫আৰু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা,তেতিয়া কপটিয়াবিলাকৰ নিচিনা নহবা; কিয়নো মানুহে দেখিবলৈ তেওঁলোকে নাম-ঘৰে নাম ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায় ৷ মই তোমালোকক স্বৰূপকৈ কওঁ,তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই ৷ ৬কিন্তু যেতিয়া তুমি প্ৰাৰ্থনা কৰা,তেতিয়া তোমাৰ ভিতৰ-কোঁঠালিত সোঁমোৱা, আৰু দুৱাৰ জপাই,গুপুতে থকা তোমাৰ পিতৃৰ আগত প্ৰাৰ্থনা কৰা,তাতে গুপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব ৷ ৭আৰু প্ৰাৰ্থনা কৰা কালত তুমি পৰজাতিবিলাকৰ নিচিনাকৈ অনৰ্থক পুনৰুক্তি নকৰিবা; কিয়নো তেওঁলোকৰ বেছি কথাৰ কাৰণে শুনা যাব বুলি তেওঁলোকে ভাবে ৷ ৮এতেকে তোমালোক তেওঁলোকৰ নিচিনা নহবা; কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে ,তাক তোমালোকে তেওঁক খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে ৷ ৯এই হেতুকে তোমালোকে এই দৰে প্ৰাৰ্থনা কৰা ;
তোমাৰ নাম পূজনীয়া হওক;
১০তোমাৰ ৰাজ্য হওক;
যেনেকৈ স্বৰ্গত,তেনেকৈ পৃথিবীতো
তোমাৰ ইচ্ছা পূৰ হওক ৷
১১আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া ৷
১২আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ,তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা ৷
১৩আমাক পৰীক্ষালৈ নিনিবা,কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা ৷
১৪কিয়নো তোমালোকে যদি আনৰ অপৰাদ ক্ষমা কৰা,তেন্তে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোককো ক্ষমা কৰিব; ১৫কিন্তু তোমালোকে যদি লোকৰ অপৰাদ ক্ষমা নকৰা,তেন্তে তোমালোকৰ পিতৃয়েও,তোমালোকৰ অপৰাধ ক্ষমা নকৰিব ৷
লঘোণ দিয়াৰ বিষয়ে শিক্ষা
১৬আৰু তোমালোকে যেতিয়া লঘোন দিয়া,তেতিয়া কপটীয়াবিলাকৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে ৷মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই ৷ ১৭কিন্ত তুমি লঘোন দিয়া সময়ত,মানুহৰ আগত নিজকে লঘোনীয়া নেদখুৱাই, গুপুতে থকা তোমাৰ পিতৃৰ আগত নিজকে যেন লঘোনীয়া দেখুওৱা,এই নিমিত্তে তোমাৰ মূৰত তেল ঘঁহা,আৰু মুখো ধোৱা; ১৮তাতে গুপুতে দেখি থকা তোমাৰ পিতৃয়ে তোমালোকক পুৰস্কৃত কৰিব ৷’
পৰমাৰ্থিক ধন (লূক ঃ১২ঃ৩৩-৩৪
১৯'যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে,আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিবীত নিজলৈ ধন নাসাঁচিবা;২০কিন্তু য’তে পোক আৰু মামৰে ক্ষয় নকৰে,চোৰেও সিন্ধি দি নিনিয়ে,এনে স্বৰ্গত নিজলৈ ধন সাঁচা ৷ ২১কিয়নো য’তে তোমাৰ ধন,তা’তে তোমাৰ মনো হ’ব৷
শৰীৰৰ দীপ্তি লূক ১১ঃ৩৪ঃ৩৬
২২চকুৱেই শৰীৰৰ প্ৰদীপ; এই হেতুকে তোমাৰ চকু যদি ভালে থাকে, তেন্তে তোমাৰ গোটেই শৰীৰ দীপ্তিময় হ’ব; ২৩কিন্তু তোমাৰ চকু যদি ৱেয়া হয়,তেন্তে তোমাৰ গোটেই শৰীৰ অন্ধকাৰময় হ’ব ৷ এতেকে তোমােৰ অন্তৰৰ পোহৰ যদি আন্ধাৰ হয়,তেন্তে সেই আন্ধাৰেই কিমান গভীৰ ৷
সম্পত্তি আৰু ঈশ্বৰ (লূক ১৬ঃ১৩ ;১২ঃ ২২-৩১)
২৪কোনেও দুজনাগৰাকীত খাটিব নোৱাৰে;কিয়নো তেওঁ এজনক ঘিণ কৰি, আন জনক ভাল পাব; নাইবা এজনত আসক্ত হৈ,আনজনক হেয়জ্ঞান কৰিব;তোমালোকে ঈশ্বৰ আৰু ধন,এই উভয়তে খাটিব নোৱাৰা ৷
0 Comments