যোহন বাপ্তাইজকৰ প্ৰচাৰ
৪সেইদৰে অৰণ্যত বাপ্তাইজ কৰোঁতা, আৰু পাপ-মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল ৷ ৫তাতে গোটেই যিহূদিয়া আৰু যিৰূচালেমৰ আটাইবিলাকে তেওঁৰ ওচৰলৈ ওলাই গৈ, নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তাইজিত হ’ল ৷ ৬সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত ছালৰ টঙালি পিন্ধিছিল, কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল ৷ ৭তেওঁ ঘোষণা কৰি ক’লে, মোতকৈ শক্তিমান জনা মোৰ পাছত আহিছে;তেওঁৰ পাদুকাৰ বান্ধ মই তল মূৰ কৰি মেলিবৰো যোগ্য নহওঁ ৷ ৮মই তোমালোকক পানীত বাপ্তাইজ কৰিলোঁ; কিন্তু তেওঁ তোমালোকক পবিত্ৰ আত্মাত বাপ্তাইজ কৰিব ৷
যীচুৰ বাপ্তিস্ম আৰু পৰীক্ষা
৯সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দনত বাপ্তাইজিত হ’ল ৷ ১০তেওঁ পানীৰ পৰা উঠিলতেই, আকাশ দুফাল হৈ যোৱা, আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে ৷ ১১আৰু এই আকাশী বাণী হ’ল,যে, তুমি মোৰ প্ৰিয় পুত্ৰ;তোমাত মই পৰম সন্তুষ্ট ৷ ১২তেতিয়াই আত্মাই তেওঁক অৰণ্যলৈ পঠাই দিলে ৷ ১৩সেই অৰণ্যত তেওঁ দুকুৰি দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকি, চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’ল; আৰু স্বৰ্গৰ দূতবিলাকে তেওঁক শুশ্ৰূষা কৰিলে ৷
যীচুৰ প্ৰকাশকৈ কাৰ্যসৰ আৰম্ভণ ; প্ৰথম চাৰিজন শিষ্য
১৪যোহন সমৰ্পিত হোৱাৰ পাছত যীচুৱে গালীল দেশলৈ গৈ, ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰি কৰি ক’লে, কাল সম্পূৰ্ণ হ’ল, ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল, ১৫তোমালোকে মন পালটোৱা,আৰু শুভবাৰ্ত্তাত বিশ্বাস কৰা ৷ ১৬পাছে তেওঁ গালীল সাগৰৰ তীৰেদি যাওঁতে, চিমোন, আৰু চিমোনৰ ভায়েক আন্দ্ৰিয়ক, সাগৰত জাল বোৱা দেখিলে; কিযনো তেওঁলোক জালোৱাই আছিল; ১৭তাতে যীচুৱে তেওঁলোকক কলে,মোৰ পাছত আঁহা; মই তোমালোকক মানুহ ধৰা জালোৱাই কৰিম৷ ১৮তেতিয়াই তেওঁলোকে জাল এৰি,তেওঁৰ পাছে পাছে গ’ল ৷ ১৯পাছে তেওঁ অলপ আগুৱাই গৈ, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে; তেওঁলোকেও নাৱত থাকি জাল বাতি আছিল ৷ ২০তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; তাতে তেওঁলোকে নিজৰ বাপেক চিবদিয়ক কাম কৰা মানুহৰ লগত নাৱতে এৰি, তেওঁৰ পাছত গ’ল ৷
অশুচি আত্মাই ধৰা এজন মানুহক সুস্থ কৰা
২১;পাছে তেওঁলোক কফৰনাহূমলৈ গলত,তেওঁ তেতিয়াই বিশ্ৰামবাৰে নাম-ঘৰত সোমাই উপদেশ দিলে ৷ ২২আৰু তেওঁৰ উপদেশত মানুহবিলাকে বিস্ময় মানিলে; কিয়নো অধ্যাপকসকলৰ দৰে উপদেশ নিদি ক্ষমতাপন্ন জনৰ দৰে উপদেশ দিলে ৷ ২৩আৰু তেতিয়া তেওঁলোকৰ সেই নাম- ঘৰতে অশুচি আত্মাই ধৰা এজন মানুহ আছিল ৷২৪তেওঁ আটাহ পাৰি ক’লে, হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম ? আমক নষ্ট কৰিবলৈ আহিলে নে? আপুনি কোন তাক মই জানো; আপুনি ঈশ্বৰৰ পবিত্ৰ জনা ৷ ২৫কিন্তু যীচুৱে তাক ড়াবি দি ক’লে, মনে মনে থাক; ইয়াৰ পৰা বাহিৰ ওলা ৷ ২৬তেতিয়া সেই অশুচি আত্মাই তেওঁক মুচৰি, বৰ মাতেৰে চিঞৰ মাৰি, তেওঁৰ পৰা বাহিৰ ওলাল৷ ২৭তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি ক’লে, এইটো কি ? নতুন উপদেশ! এওঁ ক্ষমতাৰে অশুচি আত্মাকলো আজ্ঞা দিয়াত, সিহঁতেও এওঁক মানে ৷ ২৮তেতিয়াই তেওঁৰ খ্যাতি গালীলৰ চাৰিওফালে সকলোকে ঠাইলৈকে ব্যাপি গ’ল ৷
যীচুৱে অনেক লোকক সু্স্থ কৰা
২৯পাছে তেওঁলোকে নাম- ঘৰৰ পৰা ওলায়েই, যাকোব আৰু যোহনে সৈতে, ছিমোন আৰু আন্দ্ৰিয়ৰ ঘৰত সোমল ৷ ৩০তেতিয়া চিমোনৰ শাহ্ৱেক জ্বৰত পৰি থকাত, তেওঁলোকে তেতিয়াই তেওঁৰ বিষয়ে তেওঁক ক’লে ৷ ৩১তাতে তেওঁ ওচৰলৈ গৈ, হাতত ধৰি তেওঁক তুলিলত, সেই জ্বৰে তেওঁক এৰিলে; তাতে তেওঁ তেওঁলোকক সেৱাশুশ্ৰূষা কৰিলে ৷৩২পাছে বেলি মাৰ সন্ধিয়া হ’লত, মানুবিলাকে সকলো ৰোগী আৰু ভূতে পোৱা বিলাকক তেওঁৰ ওচৰলৈ আনিলে ৷ ৩৩আৰু নগৰৰ আটাই মানুহ দুৱাৰতে গোট খালে৷ ৩৪ তাতে তেওঁ নানাবিধ ৰোগত পৰা অনেক ৰোগীক সুস্থ কৰিলে, আৰু অনে ভুতকো খেদালে; আৰু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিযনো সিহঁতে তেওঁক জানিলে ৷
গালীলত প্ৰচাৰ
৩৫পাছে অতি ৰাতিপুৱা, আন্ধাৰ থাকোঁতেই, তেওঁ উটি, বাহিৰ ওলাই নিৰ্জন ঠাইলে আঁতৰি গৈ, তাতে প্ৰাৰ্থনা কৰিলে ৷৩৬তেতিয়া চিমোন আৰু তেওঁৰ লগৰবিলাক তেওঁৰ পাছত গ’ল,৩৭আৰু তেওঁলোকে তেওঁক পাই ক’লে, সকলোৱে আপোনাক বিচাৰিছে ৷ ৩৮তাতে তেওঁ তেওঁলোকক ক’লে, আমি ওচৰৰ আন আন গাঁৱলৈ যাওঁহঁক; তাতো মই ঘোষণা কৰিম; কিয়নো সেই নিমিত্তেই মই ওলাই আহিলোঁ ৷ ৩৯পাছে তেওঁ গৈ, গালীল দেশখনতে তেওঁলোকৰ নাম-ঘৰে প্ৰচাৰ কৰিলে, আৰু ভূতবোৰক খেদালে ৷
যীচুৱে এজন কুষ্ঠৰোগীক সুস্থ কৰা
৪০আৰু এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি, বিনয় কৰি,তেওঁৰ আগত আঁঠু লৈ তেওঁক ক’লে, আপুনি যদি ইচ্ছা কৰে, তেন্তে মোক শুচি কৰিব পাৰে ৷ ৪১তাতে তেওঁৰ মৰম লাগি, হাত মেলি তেওঁক চুই ক’লে, মই ইচ্ছা কৰিছোঁ; শুচি হোৱা ৷ ৪২তেতিয়াই তেওঁৰ পৰা কুষ্টৰোগ গুচিল,আৰু তেওঁ শুচি হ’ল ৷ ৪৩আৰু তেওঁ তেওঁক কঠোৰ আজ্ঞা দি,তেতিয়াই তেওঁক বিদায় দি ক’লে, সাৱধান হোৱা; কাকো একো নকবা; ৪৪কিন্তু যোৱা; পুৰোহিতৰ আগত নিজকে দেখুওৱাগৈ; আৰু মোচিয়ে যি যি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, লোকক সাক্ষ্য দিবলৈ, তুমি শুচি হবৰ অৰ্থ, সেইবোৰ উৎসৰ্গ কৰাগৈ ৷ ৪৫কিন্তু তেওঁ ওলাই গৈ, এনেকৈ ঘোষণা কৰিবলৈ, আৰু এই কথা প্ৰকাশ কৰিবলৈ ধৰিলে যে, তেওঁ প্ৰকাশ্যৰূপে কোনো নগৰত আৰু সোমাব নোৱাৰি, বাহিৰে নিৰ্জ্জন ঠাইবোৰত থাকিব; আৰু চাৰিওফালৰ পৰা মানুহবিলাক তেওঁ ওচৰলৈ আহিল ৷
6
0 Comments